30/07/2024
#প্ৰসংগ_মেঘালয়ৰ
কি আছে মেঘালয়ত!
বাধ্যতামূলক নেকি মেঘালয় শ্বিলং ফুৰিবই লাগিব।
বৰ্তমান সময়ত অসমৰ প্ৰায় সংখ্যক লোকৰ Summer vacation মানে কেৱল শ্বিলং চেৰাপুঞ্জী হৈ পৰিছে,
কিন্তু, তাত এনে কি আছে যিটো আমাৰ অসমত নাই!
অসমতো চাব লগীয়া ফুৰিব লগীয়া বহুত খিনি ঠাই আছে
কাৰ্বি আংলং শ্বিলং কৈ কম নহয় প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, ডিমা হাছাও যাওক , অসমৰ অভয়াৰণ্য কেইখনত ফুৰিব যাওক, আহোমৰ ৰাজধানী খন চাব যাওক,
কি নাই আমাৰ অসমত , ইমানবোৰ জেগা আছে গোটেই জীৱন লাগি যাব চাব হলে , অসমৰ পইচাবোৰ অসমতে দিয়কচোন শ্বিলঙত গৈ দুগুণ দামত দি সিহঁতক ধনী কৰাতকৈ।
আটাইতকৈ লাজৰ বিষয় এটা হৈছে উত্তৰ-পূৱৰ অসমেই একমাত্ৰ এখন ৰাজ্য যাৰ বাসিন্দা সকলৰ নিজৰ একতা নাই,
অসমক সকলোৱে সুবিধা লয় অসমক আঙুলি দেখুৱাই দম দিব ভয় নকৰে কোনেও অথচ আটাইতকৈ শক্তিশালী অস্ত্ৰপাত আমাৰ অসমতে আছে যাৰ দ্বাৰা বাকী ৰাজ্যকেইখন চটফটাই যাব সেইয়া হৈছে দুৱাৰখন , এবাৰ বন্ধ হব হলে সকলো শেষ কিন্তু সাহস নাই অসমীয়াৰ।
শ্বিলঙৰ এটা সংগঠনেই বন্ধ কৰি দিলে কিন্তু আমাৰ অসমত এশ তা সংগঠন থাকিও একো কৰিব পৰা নাই।
শ্বিলঙৰ পৰ্যটন ক্ষেত্ৰখনেই তাৰে প্ৰায় সংখ্যকৰ উপাৰ্জনৰ স্থল সেইখন আমি যদি বন্ধ কৰিব পাৰো সেয়াও এক প্ৰত্যুত্তৰ হব।
খবৰ অনুসৰি আমেৰিকাৰ লগতে আৰু কেইবাখনো দেশে তেওঁলোকৰ নাগৰিকক শ্বিলং ফুৰিবলৈ বা বৰ্জন কৰিবলৈ আহ্বান জনাইছে।
আনহাতে শ্বিলঙৰ 50% হোটেল বুকিং কেনচেল হোৱাত কেইবা হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে মেঘালয়ৰ পৰ্যটন বিভাগ, সেয়েহে মেঘালয় চৰকাৰে এই বিষয়টো সমাধানৰ বাবে সম্পূৰ্ণ সাজু হৈছে।
( এই পোষ্টতো সকলৰ বাবে নহয় সেয়ে তেওঁলোকে গাত পাতি নলব, আৰু অসমৰ পৰ্যটন ক্ষেত্ৰৰ বিষয়ে একো নজনা সকলে মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰ খনক সমৰ্থন কৰি কমেণ্ট নিদিব)