26/10/2026
২৬ অক্টোবৰ। হয়, যোৱা বছৰলৈ এই দিনটোত ৰাতিপুৱাই পুৱাই ত্ৰিদিবৰ এটা বিশেষ কাম আছিল ল’ৰা দুটাক মনত পেলাই দিয়া, “ মাক জন্মদিনৰ শুভেচ্ছা জনালিনে নাই?”
কিন্তু আজি সেই কথাটো মনত পেলাই দিবলৈ ত্ৰিদিব নাই। কিন্তু মোৰ ল’ৰা দুটা ডাঙৰ হৈছে। এইবাৰ দুয়ো নিজেই মনত ৰাখিছে। দুয়ো ইমানেই আগৰণুৱা হৈ উঠিছে যে দুদিনমান আগৰ পৰাই সিহঁতে পৰিকল্পনা কৰি আছিল মোক আজি কেনেকৈ চাৰপ্ৰাইজ দিব, কি কৰিব।
আচলতে সিহঁতক আজিলৈকে নিজৰ হাতত টকা-পইচা তুলি দিয়া হোৱা নাই। গতিকে নিজৰ পইচাৰে কিবা এটা কিনি আনি গিফ্ট দিবলৈ বিচাৰিলেও সিহঁতৰ বাবে সেয়া সহজ নহয়। মই মাত্ৰ কৈছিলোঁ, মোক একো দিব নালাগে, তোমালোকে মৰমেৰে উইছ কৰিলেই হ’ব বুলি।
আজি ৰাতিপুৱাই সিহঁতে মোক জন্মদিনৰ শুভেচ্ছা জনাই স্কুললৈ গ’ল। সিহঁত যোৱাৰ পাছত ৰুমলৈ আহি দেখিলো চাৰপ্ৰাইজ গিফ্টটো।
পেকেটটো খুলি দেখোঁ, এটা পাৰফিউম। পিছত ঘৰত সোধোতে গম পালো আইতাকৰ আছিল সেইটো😅। জাহ্নুৱে সেইটো আনি পেকিং কৰি মোৰ বাবে গিফ্ট হিচাপে থৈ গৈছে। ইতিমধ্যে পাৰফিউমটোৰ validity ও পাৰ হৈ গৈছে। 😂
কিন্তু সঁচা কথা ক’বলৈ গ’লে, গিফ্টটোৰ তাৰিখতকৈ সেই গিফ্টৰ আঁৰত থকা মৰমখিনিহে মোৰ বাবে বহুত ডাঙৰ।
এইখিনিতে জন্মদিন আৰু উপহাৰ বুলি কওঁতে পুৰণি দুটামান ৰসাল ঘটণা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব মন গ'ল ।আশা কৰো আপোনালোকেও পঢ়ি ৰস পাব।
সেই সময়ত ইহঁত দুটা চাৰি-পাঁচ বছৰমানৰ আছিল চাগে। খুৰাৰ (মোৰ শহুৰ) জন্মদিন আছিল। খুৰাই জন্মদিনৰ দিনটো অলপ বিশেষভাৱে পালন কৰিছিল। খোৱা-বোৱাৰ ক্ষেত্ৰতো সৰু-সুৰাকৈ হ’লেও ভাল ব্যৱস্থা কৰিছিল। বিশেষকৈ ল’ৰা দুটাক সিহঁতে কি খাব বিচাৰে সুধি বস্তু আনি দিয়ে।
সেইদিনা ৰাতিপুৱা দেখো, জিষ্ণুৰ হাতত দুশ টকা।
মই সুধিলোঁ পইচা ক’ত পালা।
সি ক’লে, খুৰাকে (মোৰ দেৱৰ) ৰুমত এৰি যোৱা বুলি।
মোৰ বিশ্বাস নহ’ল। জোৰ কৰি সুধি থাকোতে অৱশেষত সি কান্দি কান্দি স্বীকাৰ কৰিলে সৰুআতাৰ (মোৰ খুৰাশহুৰ) পইচা থোৱা বাকচৰ পৰা মনে মনে লৈছো বুলি।
তাৰ যুক্তিটো শুনিলে আপোনালোকেও হাঁহিব- “সৰুআতাই আমাক ইমান বস্তু দিয়ে, আমি কিবা সৰুআতাক গিফ্ট দিব নালাগে নেকি?”
অৰ্থাৎ সৰুআতাকৰ পৰা পইচা চুৰ কৰি সৰুআতাককেই উপহাৰ দিব😂
তাৰ কান্দোনমুৱা মুখখন চাই মৰমো লাগিছিল, কিন্তু বুজাই দিছিলোঁ যে আনৰ পইচা অনুমতি নোলোৱাকৈ ল’ব নাপায়। পিছত ঘৰৰ সকলোৱে বহুত হাঁহিছিলোঁ।
আকৌ এদিনৰ ঘটণা। বহাগ বিহুৰ এদিন ৰাতিপুৱা জাহ্নুৱে দেখিলে, মই সৰুআতাকক সেৱা কৰিছো আৰু তেওঁ মোক আশীৰ্বাদ দি পইচা দিছে।
সেইটো দেখিয়েই জাহ্নুৱে ফোপাই জোপাই দৌৰি গৈ ভায়েকক ক’লে, ভাইটি ভাইটি সৰুআতাক সেৱা কৰিলে পইচা দিয়ে।
তাৰ পিছত দুয়োটাই দৌৰি আহি সৰুআতাকৰ ভৰিত দীঘল দি বাগৰি পৰিল। সৰু ককাকেও হাঁহি হাঁহি দুয়োটাকে পইচা দিলে।
তাৰ পিছত যেতিয়াই সিহঁতে দেখে সৰুআতাকে আলমাৰী খুলি পইচা গণি আছে, দুয়োটাই গৈ ভৰিত বাগৰি পৰে😂😂 আৰু আতাকে দহ টকীয়া নোট দুখন দুয়োকে দিয়ে। আৰু গৈ লগে লগে সিহঁতৰ বেংকত (টেকেলিত😅) ভৰাই থয়
কেইদিনমান এনেকৈ চলাৰ পিছত সৰুআতাকে এদিন ক’লে, তহঁতক এনেকৈ পইচা দি থাকিলে মই দুখীয়া হৈ যাম।
আমাৰ ঘৰখনৰ বাবে এইটো আছিল একেবাৰে ৰসাল স্মৃতি। আৰু আপোনালোকৰ লগতো এই সৰু সৰু স্মৃতিবোৰ শ্বেয়াৰ কৰিলোঁ, কাৰণ ভাবিলোঁ—পঢ়ি আপোনালোকৰো হয়তো মুখত হাঁহি বিৰিঙিব আৰু মনত পৰিব নিজৰ সন্তানৰ এনে কিছুমান মৰমলগা কাহিনী।
মোৰ জন্মদিনৰ দিনা মোক ইমান মৰম দিয়া মোৰ দুয়োটা সন্তানলৈ বহুত বহুত মৰম। ❤️